white Tea Manufacturing Process:-
White Tea Manufacturing কৰিবলৈ কিছুমান সাধাৰণতা অৱলম্বন কৰিব লাগে তেতিয়াহে উন্নত মানদণ্ডৰ বগা চাহ পাবলৈ সক্ষম হব যেনে:-
*ৰাতিপুৱা শুনকালে বাগিচাৰ পৰা কেঁচা পাত Plucking কৰিব লাগিব।
* ৰদৰ পৰা কেঁচা পাত আতৰাই ৰখিব লাগিব।
* কেঁচা পাত তুলিব সময়ত হাত খন চাৰ্ফা হ'ব লাগিব যাতে পাতত কলা বৰণ ৰৈ নাযায় ।
* Plucking কৰা পাত অতি শুনকালে আন্ধাৰ কোঠালীলৈ অনাৰ ব্যৱহাৰ কৰিব লাগে ।
*White Tea গৰম কৰিবলৈ বৈদ্যুতিক আহিলাপাতি ব্যৱহাৰ কৰিব লাগে তেতিয়া তৈয়াৰী হৈ উঠা চাহ দেখিবলৈ সম্পূৰ্ণ ৰূপে বগা দেখিবলৈ পোৱা যায়।
A . Withering
B . Drying
১/ বগা চাহ এই চাহ তৈয়াৰত সম্পূৰ্ণ ৰূপে নিৰ্ভৰ কৰে সময়, তাপমাত্ৰা আৰু আদ্ৰতাৰ ওপৰত।
২/ বগা চাহ তৈয়াৰ কৰিব বাবে চাহ গছৰ কেৱল কলি টোৰ প্ৰয়োজন হয় ।
৩/ এই চাহ তৈয়াৰ কৰিব বাবে ৰাতিপোৱা শুনকালে চিঙি আনিব লাগে যাতে ৰ'দৰ তাপে কোনো ক্ষ্যতি নকৰে যদি ৰ'দৰ তাপ পৰে তেতিয়া ফলত চাহৰ ৰং বগাৰ ঠাইত কলা পৰি যাব।
ইয়াৰ উপৰিও পাত তুলিব সময়ত হাত খন চাৰ্ফা হ'ব লাগে নহ'লে Hand gloves পৰিধান কৰিব লাগে ।
৪/ White Tea Withering ৰ পৰিমাণ ৭২ ঘন্টা আৰু এই চাহৰ Withering কৰা প্ৰক্ৰিয়া টো সম্পূৰ্ণ Orthodox Tea আৰু CTC Black Tea প্ৰক্ৰিয়াত কৈ সম্পূৰ্ণ বেলেগ। এই চাহ Withering কৰিবলৈ বাগিছাত চিঙা পাতটো যিমান শুনকালে পাৰি লৈ আনি অন্ধকাৰ কোঠাত মেলি ৰাখিব লাগে ৰ'দৰ পোহৰ নপৰাকৈ।
৫/ ৭২ ঘন্টা সময়ৰ অতিক্ৰম কৰা পাছত ৰ'দৰ তাপ ওলিয়াই গৰম (Drying) কৰিব লাগে নিৰ্ভৰ কৰে তাপমাত্ৰাৰ ওপৰত। কিন্তু ৰ'দৰ পোহৰত Drying কাৰ্য সম্পূৰ্ণ কৰিলে বা কেৰাহীত ভাজিলে শেষত চাহৰ বৰ্ণ ক'লা হোৱাৰ সম্ভাৱনা থাকে সেই Drying কৰি বলে পাৰিলে উপযুক্ত বৈদ্যুতিক আহিলাপাতি ব্যৱহাৰ কৰিব লাগে তেতিয়া উপযুক্ত White Tea পাবলৈ সক্ষম হব ।