1. আলি আই লৃগাং উৎসৱ কেতিয়া অনুষ্ঠিত হয়?
= ফাগুন মাহৰ প্ৰথম বুধবাৰে।
2. ওমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?
= আহোমসকলৰ।
3. চ'মাংকান কোন জনগোষ্ঠীয় সংস্কৃতি ?
= কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।
4. বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে পালন কৰে?*
= বড়ো।
5. ফাৰকান্তি কোন জনগোষ্ঠীৰ উৎসৱ?
= ৰাভাসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।
6. বায়খো উৎসৱ কোন জনগোষ্ঠীৰ?
= ৰাভাসকলৰ।
7. খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে?
= বড়ো।
8. প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি?
= 'বনকুৱৰী'। কবি চন্দ্ৰকুমাৰ আগৰৱালা।
9. সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
= 'বনফুল'।
10. ‘বনফুলৰ' কবি কোন?
= যতীন্দ্ৰনাথ দুৱৰা।
11. প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি?
= ৰাম-নৱমী।
12. অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি?
= হাফলং।
13. অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি?
= তেজপুৰ।
14. ভাৰতে ফ্ৰান্সৰ পৰা কিনা বিমানখনৰ নাম কি?*
= Rafale Fighter Jet.
15. ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটোৰ নাম কি?
= মোহনবাৰী বিমান বন্দৰ।
16. হাৱা মহল ক'ত অৱস্থিত?*
= জয়পুৰত।
17. প্ৰথম অসমীয়া বেৰিষ্টাৰ গৰাকী কোন আছিল?
= আনন্দৰাম বৰুৱা।
18. অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে?
= বোকাজান।
19. ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন?*
= সৰ্বপল্লী ৰাধাকৃষ্ণণ।
20. ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতি কোন?
=0এম ভেংকায়া নাইডু।
21. বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন?*
= অমিত শ্বাহ।
22. ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?
= চৰ্দাৰ বল্লভভাই পেটেল।
23. অৰ্জুন বঁটা ক'ত দিয়া হয়?*
= ক্ৰীড়াৰ ক্ষেত্ৰত।
24. অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল?
= ভোগেশ্বৰ বৰুৱা।
25. অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী খেলুৱৈ কোন?
= মনালিছা বৰুৱা।
26. স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইত শুভাৰম্ভণি কৰা হয়?*
= ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট, নতুন দিল্লীত।
27. ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত ন'বেল বঁটা পাইছিল?*
= ১৯১৩ চনত।
28. নগাঁৱৰ পুৰণি নাম কি?
= খাগৰিজান।
29. এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
= ভোগেশ্বৰ বৰুৱা।
30. প্ৰথম অসমীয়া আই. চি. এছ. (I.C.S.) বিষয়াজনৰ নাম কি?
= আনন্দৰাম বৰুৱা।
31.* ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
= পাৰ্বতী কুমাৰ গোস্বামী।
32. গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন?
= ড° সত্যেন্দ্ৰ নাথ শৰ্মা।
33. লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
= ড° তিলোত্তমা গগৈ।
34. গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?
= তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।
35. মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?
= তেজপুৰত।
36. অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি?
= বাংলাদেশ।
37. অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি?
= বৰাইল পাহাৰ।
38. অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?
= ধুবুৰী।
39. অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?
= শিলঘাট।
40. অসমৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে?
= দেৰগাঁওত।
41. অসমত সাৰ কাৰখানা ক’ত আছে?
= নামৰূপত।
42. অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?
= বোকাজান।
43. কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ?
= সৰ্থেবাৰী।
44 অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়?
= চাবুৱা।
45. অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰে'ল ষ্টেচনটো কি?
= উত্তৰ কাছাৰ জিলাত থকা জাতিংগা।
46. কেতিয়া অসমত প্ৰথম ৰে'ল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
= ১৮৮২ চনত।
47. কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?*
= ১৯২১ চনত।
48. অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
= বসন্ত দাস।
49. অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
= ১৮২৩ চনত।
50. ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল?
= খৰ্গেশ্বৰ তালুকদাৰ।