Assam GK Quiz - General Knowledge Questions and Answers in Assamese Language
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
প্ৰশ্ন : অসমৰ প্ৰাচীন নাম কি ?
উত্তৰ : প্ৰাগজ্যোতিষপুৰ
প্ৰশ্ন : কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?
উত্তৰ :ভাস্কৰবৰ্মাৰ দিনত ৷
প্ৰশ্ন : চীনা পৰিব্ৰাজকজনৰ নাম কি ?
উত্তৰ: হিউৱেন চাং
প্ৰশ্ন : ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?
উত্তৰ: আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷
প্ৰশ্ন : আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?
উত্তৰ: প্ৰায় ৬০০ বছৰ ৷
প্ৰশ্ন : আহোমসকল কেতিয়া অসমলৈ আহিছিল?
উত্তৰ : ইংৰাজী ১২২৮ চনত।
প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : চুকাফা।
প্ৰশ্ন : আহোমৰ শেষ ৰজাজনৰ নাম কি ?
উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ ৷
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
প্ৰশ্ন : আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ।
প্ৰশ্ন : অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে?
উত্তৰ : আহোম সকলে।
প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১২৫৩ চনত।
প্ৰশ্ন : কোন ৰজাৰ শাসন কালত আৰু ক’ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল ?
উত্তৰ : ল’ৰাৰজা চলিকফাৰ শাসন কালত ; জেৰেঙা পথাৰত।
প্ৰশ্ন : আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?
উত্তৰ : ১৬৮২ চনত।
প্ৰশ্ন : জয়দল, জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।
প্ৰশ্ন : অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?
উত্তৰ : শিৱসাগৰ।
প্ৰশ্ন : আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?
উত্তৰ : বশিষ্ঠাশ্ৰমত।
প্ৰশ্ন : আহোম ৰাজত্বৰ সোণালী যুগত ‘দেশদ্ৰোহী’ৰ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল?
উত্তৰ : ৰুপ সিং বঙালে।
প্ৰশ্ন : হাজোৰ পোৱামক্কা কোনে সজাইছিল?
উত্তৰ : গিয়াচুদ্দিন আউলিয়া।
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
প্ৰশ্ন : অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?
উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।
প্ৰশ্ন : কোনজন আহোমৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰ : চুহুংমুং।
প্ৰশ্ন : ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
উত্তৰ : প্ৰমত্ত সিংহই।
প্ৰশ্ন : কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : গদাধৰ সিংহ ; ১৬৯৪ চনত।
প্ৰশ্ন : মূলা গাভৰুৰ স্বামীৰ নাম কি?
উত্তৰ : ফ্ৰাচেনমুং বৰগোহাঁই।
প্ৰশ্ন : অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।
প্ৰশ্ন : নৰ নাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?
উত্তৰ : শুক্লধ্বজ।
প্ৰশ্ন : কোন ৰজাৰ দিনত গোঁহাই কমল আলি সজোঁৱা হৈছিল?
উত্তৰ : মহাৰাজ নৰনাৰায়ণৰ দিনত। (কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ)।
প্ৰশ্ন : আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
উত্তৰ : ইটাখুলি ৰণ (১৬৮২ খ্ৰী:) ৷
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
প্ৰশ্ন : কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ণ হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৷
প্ৰশ্ন : অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?
উত্তৰ : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।
প্ৰশ্ন : কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
উত্তৰ : স্বৰ্গদেউ লক্ষ্মীসিংহ।
প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : বীৰপাল।
প্ৰশ্ন. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
উত্তৰ : ১৯৮৫ চন ৷
প্ৰশ্ন.. অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা ৷
প্ৰশ্ন.. প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?
উত্তৰ : জয়মতী (১৯৩৫) ৷
প্ৰশ্ন.. প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি ?
উত্তৰ : ভাইটি (১৯৭২)
প্ৰশ্ন.. স্বৰ্ণকমল বটাঁ প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?
উত্তৰ : হালধীয়া চৰাইয়ে বাওধান খায়, পৰিচালক জাহ্নু বৰুৱা (১৯৮৭ চন) ৷
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
প্ৰশ্ন. শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি ?
উত্তৰ : আব্দুল মজিদ পৰিচালিত চামেলী মেমচাব ৷
প্ৰশ্ন.. ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
উত্তৰ : নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ ৷
প্ৰশ্ন.. ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
উত্তৰ : এৰা বাটৰ সুৰ ৷
প্ৰশ্ন..অসমৰ প্রথম শিশু আলোছনী খনৰ নাম কি ?
উত্তৰ : ঘৰ জেউতি(1927)
প্ৰশ্ন..প্রথম আধুনিক অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : ৰাম নবমী(1857), গুণাভিৰাম বৰুৱা
প্ৰশ্ন..সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?
উত্তৰ : বনফুল(1955),যতীন্দ্র নাথ দুৱাৰা
প্ৰশ্ন..অসমীয়া ভাষাত ৰচিত প্রথম খন গ্রন্থৰ নাম কি ?
উত্তৰ :প্রহ্লাদ চৰিত (ৰচক হেমসৰস্বতী)
প্ৰশ্ন. অসমত মঞ্চস্থ হোৱা প্রথম ভাওনা বা অংকীয়া নাটক কোনখন ?
উত্তৰ : শংকৰদেৱৰ ‘চিহ্নযাত্ৰা’।
প্ৰশ্ন.প্রথম অসমীয়া প্রবন্ধটোৰ নাম কি আৰু কোনে লিখিছিল ?
উত্তৰ :কথাগীতা , ভট্রদেৱ
প্ৰশ্ন..অসমীয়াত প্রকাশিত প্রথম অভিধান কোনে লিখিছিল ?
উত্তৰ : মাইলছ ব্রনছন
প্ৰশ্ন.প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?
উত্তৰ : ভানুমতী, পদ্মনাথ গোহাঁঞিবৰুৱা
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
প্ৰশ্ন. সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া উপন্যাস খনৰ নাম কি ?
উত্তৰ : ইয়াৰুইঙ্গম(1961), বীৰেন্দ্র কুমাৰ ভটাচাৰ্য
প্ৰশ্ন.. জ্ঞানপীঠ বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?
উত্তৰ : মৃত্যুঞ্জয়(1979) বীৰেন্দ্র কুমাৰ ভটাচাৰ্য
প্ৰশ্ন.প্রথম অসীয়া শিশু উপন্যাস খনৰ নাম কি ?
উত্তৰ : পাতাল পুৰী
প্ৰশ্ন. ‘শোণিত কুঁৱৰী’ নাটকখনৰ ৰচক কোন ?
উত্তৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।
প্ৰশ্ন. হিন্দী ভাষালৈ অনুদিত হোৱা প্রথম অসমীয়া গ্রন্থ কোনখন ?
উত্তৰ : চিত্ৰ ভাগৱত।
প্ৰশ্ন. অসমত বৈষ্ণৱ ধৰ্মৰ প্রৱৰ্তক কোন ?
উত্তৰ : শ্রীমন্ত শংকৰদেৱ
প্ৰশ্ন. ‘উত্তৰাকাণ্ড ৰামায়ণৰ’ অসমীয়া অনুবাদ কোনে কৰিছিল ?
উত্তৰ : শ্ৰীমন্ত শংকৰদেৱে।
প্ৰশ্ন. ‘চি-ইউ-কি’ নামৰ পুথিখনৰ ৰচক কোন ?
উত্তৰ : হিউয়েনচাং।
প্ৰশ্ন. অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্রথম অসমীয়া নাটক কোনখন ?
উত্তৰ : বীণ বৰাগী।
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
প্ৰশ্ন. সংস্কৃত ‘ৰামায়ণ’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?
উত্তৰ : মাধৱ কন্দলিয়ে।
প্ৰশ্ন. Grammatical Notes of the Assamese Language নামৰ পুথিখন কোনে ৰচনা কৰিছিল ?
উত্তৰ : নাথান ব্রাউন ।
প্ৰশ্ন. অসমীয়া ভাষাত ৰচিত প্রথম বুৰঞ্জীমূলক পুথি কোনখন আৰু ইয়াৰ ৰচক কোন ?
উত্তৰ : ‘অসম বুৰঞ্জী’ , ৰচক দুজন হ’ল – ৰাধানাথ বৰবৰুৱা আৰু কাশীনাথ তামুলী ফুকন।
প্ৰশ্ন. সংস্কৃত ‘মহাভাৰত’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?
উত্তৰ : ৰাম সৰস্বতী।
প্ৰশ্ন. ‘চৰিত পুথি’ কি ?
উত্তৰ : বৈষ্ণৱ ধৰ্ম প্ৰচাৰক বা বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক প্ৰকাৰৰ জীৱনীমূলক সাহিত্য
প্ৰশ্ন. ‘সূৰ্য সিদ্ধান্ত’ পুথিখনৰ ৰচক কোন ?
উত্তৰ : কবিৰাজ চক্ৰৱৰ্তী।
প্ৰশ্ন. অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন ?
উত্তৰ : ভট্টদেৱ
প্ৰশ্ন. অসমীয়া ভাষালৈ অনুবাদ কৰা প্রথম ইংৰাজী নাটক কোনখন ?
উত্তৰ : উইলিয়াম শ্বেক্সপীয়েৰৰ ‘কমেডি অফ ইৰ’ৰচ’।
প্ৰশ্ন. কোনে ইংৰাজী বাইলেৰ প্রথম অসমীয়া ভাঙনি কৰে ?
উত্তৰ : আত্মৰাম শৰ্মাই ১৮১৩ চনত।
প্ৰশ্ন. অসমীয়া ভাষা-সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?
উত্তৰ : শ্ৰীমন্ত শংকৰদেৱক।
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
প্ৰশ্ন. অসমীয়া নাট্য সাহিত্যৰ জনক কোন ?
উত্তৰ : শ্ৰীমন্ত শংকৰদেৱ।
প্ৰশ্ন. কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায় ?
উত্তৰ : ১৯৬০ চনত।
প্ৰশ্ন. অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।
প্ৰশ্ন. অসমীয়া ভাষাত ৰচনা কৰা প্রথম পাঠ্যপুথি কোনখন ?
উত্তৰ : ‘অসমীয়া ল’ৰাৰ মিত্ৰ’