"বিয়ানাম" অসমীয়া সংস্কৃতি The Assamese Culture - অসমৰ লোক-সঙ্গীত
" লোক জীৱন বুলিলে সাধাৰণতে চহা - নিৰক্ষৰ মানুহৰ সমষ্টিগত জীৱনৰ প্ৰতিচ্ছবিয়েই আমাৰ চকুত প্ৰস্ফুটিত হৈ উঠে I লোক জীৱন হ'ল একে ধ্যান - ধাৰনা, বিশ্বাস , পৰম্পৰা,ৰীতি-নীতি, সংস্কাৰ আৰু কিছুমান সামাজিক নিয়মৰ অধীন কোনো লোকৰ সমষ্টি I লোক জীৱনৰ সামাজিক তথা সংস্কৃতিৰ পটভুমিতেই লোক-সংস্কৃতিৰ জন্ম হয় I অসমীয়া লোক- সংস্কৃতি তথা লোক সাহিত্যৰ এক অবিচ্ছেদ্য অংগ হ'ল এই " বিয়ানাম"
লোক সাহিত্যৰ অংগ স্বৰূপে বিয়ানামৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰতিফলিত হৈছে অসমীয়া সংস্কৃতিৰ ৰূপ I অসমীয়া সমাজৰ ৰীতি -নীতি , আচাৰ- অনুষ্ঠান ৰ ,সৌন্দৰ্য্য আৰু অপৰিসীম তথ্য পোৱা যায় এই বিয়ানামৰ মাজতেই I এখন অসমীয়া বিয়া সম্পূৰ্ণ হয় কিছুমান অসমীয়া সামাজিক নীতি-নিয়মৰ মাজেৰে I পানী তোলা , জোৰুণ পিন্ধোৱা , গাথিয়ন খুন্দা ইত্যাদি ৰীতি- নীতি এখন অসমীয়া বিয়াত দেখা যায় I এই প্ৰতিটো ৰীতি- নীতিৰ মাজে- মাজে বেলেগ বেলেগ বিয়ানাম শুনিবলৈ পোৱা যায় I যেনে -
" ওলায় আহা শশীপ্ৰভা , ৰজাৰ মহাদৈ,
শুভক্ষণে যাত্ৰা কৰোঁ, পানী তোলোঁগৈ "
(পানীতোলা নাম)
" আগে দিয়া, পাছে দিয়ী,পঞ্চ আয়তীয়ে,
পূৰ্বাঘাটৰ পানীআনি আইদেউৰ মুৰত দিয়ে"
(নোওৱা নাম )
স্বামী গৃহৰ পৰা জোৰুণত দি পঠোৱা কাপোৰ, সোণৰ- ৰূপৰ অলংকাৰ পৰিধাণ কৰাৰ পাছত বিয়াৰ দিনা কইনা এগৰাকীক সাক্ষাতৰ সৰগৰ অপেশ্বৰী যেন লাগে I কইনাৰ সাজ- পাৰ মিহি পাটৰ, গুণাৰ বন কৰা তথা বুটা বছা থাকে I সেয়ে বিয়া নামত গায় -
" সোণো পিন্ধে ৰূপো পিন্ধে
পিন্ধে পাটৰ শাৰী,
দেৱ -অংগ ভূষণ পিন্ধে
ইন্দ্ৰই দিছে আনি "
নোৱাই- ধুৱাই কইনাক সমাজলৈ আদৰি অনাৰ পাছত আয়তীয়ে কইনাৰ মাকৰ মনৰ ভাৱ বুজ লৈ বিয়ানাম জুৰে এনেদৰে -
" গাধুই আইদেৱে মাকক সুধিলে,
ঐ ৰাম , কোন সাজ সলাব পায় হে"
কইনাৰ মাকৰ মনৰ ভাষাৰে আয়তীয়ে আকৌ এই প্ৰশ্নৰ সমিধাণ দিয়ে এনেদৰে -
"ছাঁতে শুকোৱা, মুঠিতে লুকোৱা
ঐ ৰাম, সেই সাজ সলাব পায় হে " I
ঘৰৰ লখিমী কন্যা সন্তানটিক উলিয়াই দিয়াৰ সময়ত মাকৰ হৃদয়ত বেথা- বেদনাই ভৰি পৰে I কইনাৰ বিচ্ছেদৰ সময়ত হোৱা অৱস্থাৰ কথা বৰ্ণণা কৰি মন পৰশা শব্দৰে ৰচনা কৰা সুৰশিক্ত এই বিয়ানাম সমুহে এক শোকাকুল অৱস্থাৰ সৃষ্টি কৰে I
" কালি এতেবেলি আছিলো আইদেউ
মাৰাৰ পালেঙত শুই
আজি এতেবেলি যাবলৈ ওলালা
অৰন্যত লগালা জুই "
" বৰঘখত কান্দিলে মাৰে দেউতাৰে
মাৰলত কান্দিলে ভনী
বাৰীৰ পিছেফালে কান্দে তাঁতৰশালে
আইদেউক বিয়া দিৱৰ শুনি "
বৰ বিয়াৰ দৰে অসমত তোলনী বিয়াৰো গুৰুত্ব আছে I ঘৰ এখনত কন্যা সন্তান গৰাকী জীয়ৰী হোৱাৰ লগে- লগে এটা নিৰ্দিষ্ট দিনত ছোৱালীজনীৰ মংগলাৰ্থে সামাজিক ভাৱে তোলনী বিয়া বা শান্তি বিয়া পাতি কন্যা জনীক জীয়ৰী বুলি স্বিকৃতি দিয়া হয় I তোলনি বিয়াত গোৱা আৰু বৰ বিয়াত গোৱা বিয়ামানৰ মাজত যথেষ্ট প্ৰাৰ্থক্য দেখা যায় I অসমীয় সমাজ জীৱনক তথা লোক সাহিত্যক সজীৱ কৰি তোলা সেই বিয়া নাম বোৰৰ মাজেৰে বিশেষকৈ নাৰী জীৱনৰ প্ৰতিবিম্ব দেখা পোৱা যায় I যিদৰে কপৌফুলৰ সুৱাসে বাটৰ বাটৰুৱাক তাৰ স্বকীয়তাৰ সন্ধান দিয়ে , সেইদৰে যুগ - যুগ ধৰি বিখ্যাত এই বিয়া নাম বোৰে অসমীয়া সমাজ জীৱনক স্বকীয়তাৰে প্ৰতিনিধিত্ব কৰি আহিছে আৰু আৰু আগলৈকে সদায় কৰি থাকিবও I
✍️অপৰূপা দত্ত