Homen borgohain autobiography I Essay on homen borgohain

Homen Borgohain-বৰেণ্য অসমীয়া সাহিত্যিক হোমেন বৰগোহাঞি I 

                                               ঔপন্যাসিক হোমেন বৰগোহাঞি

বিশিষ্ট গল্পকাৰ, সাংবাদিক, সমালোচক, কবি,ঔপন্যাসিক হোমেন বৰগোহাঞিদেৱৰ (Homen Borgohain)জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিচেম্বৰ তাৰিখে অবিভক্ত লখিমপুৰ জিলাৰ ঢকুৱাখনাত। তেওঁৰ দেউতাকৰ নাম আছিল ইন্দ্ৰধৰ বৰগোহাঞি আৰু মাকৰ নাম আইতা বৰগোহাঞি। প্ৰাথমিক শিক্ষা ঢকুৱাখনাতেই শেষ কৰি ১৯৪৭ চনত ডিব্ৰুগড় চৰকাৰী হাইস্কুলত নামভৰ্তি কৰে আৰু তাৰ পৰাই ১৯৫০ চনত প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫০ চনত তেওঁ উচ্চশিক্ষাৰ বাবে গুৱাহাটীৰ কটন কলেজত নামভৰ্তি কৰে। কটন কলেজৰ পৰা ইন্টাৰমেডীয়েট (চায়েন্সত) প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কটন কলেজতেই ইংৰাজী বিষয়ত অনাৰ্চ লৈ ১৯৫৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত কলিকতা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিছিল যদিও স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত নকৰাকৈয়ে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত কটন কলেজতেই শিক্ষকতা আৰম্ভ কৰিছিল। ১৯৫৫ চনত অসম প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হৈ উপ-প্ৰতি সমাহৰ্তা হিচাপে চৰকাৰী চাকৰিত যোগদান কৰে। ১৯৫৮ চনত বৈবাহিক জীৱনৰ আৰম্ভ কৰে বিশিষ্ট লেখিকা নিৰুপমা তামুলীৰ সৈতে। 

Homen Borgohain হোমেন বৰগোহাঞি

           হোমেন বৰগোহাঞিয়ে(Homen Borgohain) সাংবাদিক জীৱনৰ পাতনি মেলিছিল মালিগাঁৱৰ পৰা প্ৰকাশিত দেৱেন্দ্ৰনাথ শৰ্মা প্ৰকাশিত অসমীয়া কাকত 'দৈনিক শান্তিদূত'ৰ জৰিয়তে। ১৯৬০ চনৰ ১ নৱেম্বৰৰ পৰা চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত 'অসম বাতৰি' প্ৰকাশ হোৱাত এই কাকতত বৰগোহাঞিয়ে প্ৰবন্ধ লিখাৰ কাম আৰম্ভ কৰে। ১৯৬৮ চনত তেওঁ চৰকাৰী চাকৰি ইস্তফা দিয়ে আৰু 'নীলাচল' নামৰ সাপ্তাহিক কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৭৭ চনত এই কাকতৰ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰি সাপ্তাহিক 'নাগৰিক' নামৰ এখন নতুন সাপ্তাহিক কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৭৭ চনত তেওঁ 'পিতা-পুত্ৰ' উন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে। ১৯৭৮ চনত একেখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৮০ চনত তেওঁ 'লোকায়ত' নামৰ আন এখন কাকতৰ সম্পাদনাৰ দায়িত্ব লৈছিল। ১৯৮১ চনত কলিকতাৰ পৰা প্ৰকাশিত 'আজকাল' নামৰ বাংলা দৈনিকৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ প্ৰতিনিধি হিচাপে নিযুক্তি লাভ কৰিছিল। ১৯৮৭ চনত 'সমকাল' নামৰ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৮৯ চনত 'সূত্ৰধাৰ' নামৰ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাম কৰে। ১৯৯১ চনত চেমনীয়াৰ বাবে প্ৰকাশিত আলোচনী 'কিশোৰ'ৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লৈছিল। ১৯৯২ চনত 'অসম উপত্যকা সাহিত্য বঁটা' লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৯৩ চনত 'অসম বাণী' নামৰ সাপ্তাহিক কাকতখনৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি ১৯৯৭ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৭ চনত 'আমাৰ অসম' নামৰ দৈনিক কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ২০০০ চনত তেওঁ অসম সাহিত্য সভাৰ পৰা কৃতি সাংবাদিক 'লক্ষ্মীনাথ ফুকন বঁটা' লাভ কৰিবলৈ সক্ষম হৈছিল। ২০০১ চনত অসম সাহিত্য সভাৰ ডিব্ৰুগড় অধিবেশনত সভাপতিত্ব কৰিছিল। ২০০২ চনত উৎকৃষ্ট সাংবাদিকতাৰ কাৰণে 'জয়কৃষ্ণ ৰামদয়াল সমন্বয় বঁটা' লাভ কৰিবলৈ সক্ষম হৈছিল। ২০০৪ চনত 'আমাৰ অসম' কাকতৰ সম্পাদক পদৰ পৰা পদত্যাগ কৰিছিল আৰু 'দৈনিক বাতৰি' নামৰ অসমীয়া দৈনিক কাকতৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ২০০৫ চনত তেওঁ দৈনিক কাকতৰ দায়িত্ব বাদ দি পষেকীয়া আলোচনী 'সাতসৰী'ৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ২০১৫ চনৰ পৰা "নিয়মীয়া বাৰ্তা"কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব লয়। অসমৰ এটা জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভত পূৰ্বতে 'মুখামুখি' নামৰ এটা অনুষ্ঠান সম্প্ৰচাৰ হৈছিল আৰু বৰ্তমান 'কথা-বাৰ্তা' নামৰ এটা অনুষ্ঠানৰ সম্প্ৰচাৰ হৈ আছিল।

        

      তেওঁৰ সাহিত্যকৰ্মসমূহ হ'ল


গল্প সংকলন:-


বিভিন্ন কোৰাছ ( ১৯৫৭)

প্ৰেম আৰু মৃত্যুৰ কাৰণে (১৯৫৮)

স্বপ্ন, স্মৃতি,বিষাদ (১৯৬৩)

গল্প আৰু নক্সা (১৯৬৬)

অস্তিত্বৰ জ্যোতিৰ্ময় চেতনা (সম্পা-তীৰ্থ ফুকন)


উপন্যাস:-


সুবালা (১৯৬৩)

তান্ত্ৰিক (১৯৬৭)

কুশীলৱ (১৯৭০)

পুৱাৰ পুৰবী নিশাৰ বিভাস ( পত্নী নিৰুপমা বৰগোহাঞিৰ সৈতে যুটীয়াভাৱে- ১৯৭১)

হালধীয়া চৰায়ে বাওঁধান খায় (১৯৭৩)

পিতাপুত্ৰ (১৯৭৫)

অস্তৰাগ (১৯৮৬)

মৎস্যগন্ধা (১৯৮৭)

সাউদৰ পুতেকে নাও মেলি যায় (১৯৮৭)

নিঃসংগতা (২০০০)

বিষন্নতা (২০০২)

এদিনৰ ডায়েৰী (২০০৩)


কবিতা:-

হৈমন্তী(১৯৮৭)


প্ৰবন্ধ-ৰচনা:-


বিভিন্ন নৰক(১৯৬৬)

ধূসৰ দিগন্ত(১৯৭০)

জীৱনৰ মানচিত্ৰ (১৯৭৯)

জিজ্ঞাসা (১৯৮০)

আনন্দ আৰু বেদনাৰ সন্ধানত (১৯৮১)

স্বৰ্গ আৰু নৰক (১৯৮৭)

ইতিহাসৰ সাক্ষী (১৯৮৮)

সপ্তম দশক (১৯৮৯)

কিতাপ পঢ়াৰ আনন্দ ( ১৯৯১)

সুখ-দুখ (১৯৯২)

পাঠকৰ টোকাবহী (১৯৯৩)

আমাক কিতাপ লাগে (১৯৯৩)

প্ৰজ্ঞাৰ সাধনা (১৯৯৪)

জীৱনৰ সাধনা (১৯৯৪)

মানুহ হোৱাৰ গৌৰৱ (১৯৯৪)

মোৰ প্রিয় মানুহ ছক্ৰেটিছ (১৯৯৪)

অন্তহীন প্ৰেৰণাৰ উৎস, লুই পেষ্টিওৰ (১৯৯৪)

আত্ম দীপো ভব (১৯৯৬)

আধুনিক যুগৰ জন্মকাহিনী (১৯৯৬)

প্ৰতিভাৰ সংজ্ঞা বিচৰা মানুহজন (১৯৯৬)

কথা-বাৰ্তা (১৯৯৯)

বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি (১৯৯৯)

জীৱনৰ পৰা আমি কি বিচাৰোঁ (২০০১)

আশীৰ দশকৰ দস্তাবেজ (সম্পা-আমিনুৰ ৰহমান,২০০১)

বিপদৰ বন্ধু (২০০৩)

প্ৰথম কলম (২০০৩)

জীৱন জিজ্ঞাসা( গীতিমালিকা নেওগৰ সৈতে যুটীয়াভাৱে,২০০৩)

জীৱনৰ উপহাৰ ( গীতিমালিকা নেওগৰ সৈতে যুটীয়াভাৱে,২০০৪)

কথাৰ মূৰৰ কথা ( ২০০৫)

কালগাৰ্ল

উচ্চাকাংক্ষা

চিত্ৰশালা (২০০৬)

মই যেতিয়া ক্লান্ত হওঁ (২০০৭)

মোৰ যৌৱনৰ ৰামধেনু(২০০৯)

ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা (২০০৯)

স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (২০১৩)

বিশ্বপথিক(২০১৪)

কাম কৰাৰ আনন্দ

গদ্যৰ সাধনা

শৰীৰ আৰু হৃদয়

সাৰাংশ

বেঞ্জামিন ফ্ৰেংকলিন

জীৱনৰ মধুৰতম সময়

সুস্থ দেহত সুস্থ মন

ডাৰউইন

হৃদয়ৰ মানচিত্ৰ

মোৰ টোকাবহীৰ পৰা

অ আ ক খ


আত্মজীৱনীমূলক:-


আত্মানুসন্ধান

মোৰ সাংবাদিক জীৱন

ধুমুহা আৰু ৰামধেনু (তিনিটা খণ্ডত সমাপ্ত আত্মজীৱনীৰ ১ম খণ্ড আৰু ২য় খণ্ড)

মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ


সম্পাদিত গ্ৰন্থ:-


বিংশ শতাব্দীৰ অসমীয়া সাহিত্য(১৯৬৭)

ৰৌদ্ৰ নীলিমা ( নন্দ তালুকদাৰৰ সৈতে যুটীয়াভাৱে, ১৯৬৯)

অসমীয়া গল্প সংকলন, প্রথম খণ্ড (১৯৭৫)

অসমীয়া গল্প সংকলন, পদ্বিতী খণ্ড (১৯৭৬)

অসমীয়া গল্প সংকলন, তৃতীয় খণ্ড (২০০৫)

মালিক (১৯৮৯)

অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড (১৯৯৩)

অসমীয়া প্ৰেমৰ কবিতা ( কৰবী ডেকা হাজৰিকাৰ সৈতে, ২০০২)

শৰৎ চন্দ্ৰ সিংহ, শ্ৰেষ্ঠ নিৰ্বাচিত অসমীয়া প্ৰবন্ধ, প্ৰথম খণ্ড (২০০৫)

শ্ৰেষ্ঠ নিৰ্বাচিত অসমীয়া প্ৰৱন্ধ, দ্বিতীয় খণ্ড (২০০৬)

অসম প্ৰকাশন পৰিষদৰ অসমীয়া বিশ্বকোষৰ সাহিত্য আৰু ভাষা অধ্যয়ন।

জীৱনৰ পৰা মই কি শিকিলোঁ (২০১৩)

ভাৰতীয় আৰু ইউৰোপীয় চেতনাত মৃত্যু (২০১৪)


অনুবাদ গ্ৰন্থ:-


মোৰ প্রিয় পাঁচটা জাৰ্মান গল্প (১৯৯৬)


অন্যান্য:-


বিংশ শতাব্দীৰ সন্ধানত (সম্পা:)

সোণাৰাম চুতীয়া: এজন অসাধাৰণ সাধাৰণ মানুহ


( বিভিন্ন লেখা আৰু জনপ্ৰিয় অসমীয়া হাস্য ব্যংগ আলোচনী ফটাঢোলত প্ৰকাশ পোৱা হোমেন বৰগোহাঞিদেৱৰ সাক্ষাৎকাৰৰ সহায় লোৱা হৈছে)


নাচৰিন আক্তাৰ

স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক

অসমীয়া বিভাগ

নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত)

Tags-
homen borgohain books pdf
homen borgohain jiboni in assamese
homen borgohain assamese wikipedia
essay on homen borgohain
subala homen borgohain
homen borgohain all books
homen borgohain autobiography
homen borgohain essay in assamese
homen borgohain books pdf
homen borgohain assamese wikipedia
homen borgohain education
homen borgohain all books
homen borgohain autobiography
homen borgohain books pdf
হোমেন বৰগোহাঞিৰ আত্মানুসন্ধান
হোমেন বৰগোহাঞিৰ পিতা পুত্ৰ
হোমেন বৰগোহাঞিৰ ভয় গল্প
হোমেন বৰগোহাঞিৰ দুখন চুটিগল্প পুথিৰ নাম
হোমেন বৰগোহাঞিৰ বাণী
homen borgohain books pdf
essay on homen borgohain
homen borgohain jiboni in assamese
homen borgohain assamese wikipedia
homen borgohain son

About Us:-CareerAssam360 Provides latest Career Assam 360 news, Jobs in CareerAssam360, North East And All India Govt Jobs Employment Notification . CareerAssam 360 is the leading job portal in Career Assam360.Career Assam 360updates regular all latest Assam Govt jobs 2020, All India Govt jobs like SSC new jobs and notification, UPSC latest jobs, all latest medical jobs, defence latest job, new Army job, Indian Air force jobs, Navy jobs, Coast Guard jobs, latest Engineering jobs 2020, latest teaching jobs 2020, latest Bank job, IBPS latest notification 2020, latest Railway jobs, New Indian Railway job, latest graduate jobs, latest 10+2 job and latest 10th class passed job. We are released all latest State Govt jobs like latest Govt jobs in CareerAssam360, New Govt jobs in Delhi, latest Govt jobs in Haryana, MP Govt jobs, UP Govt jobs, Gujarat Govt jobs, Bihar Govt jobs, Punjab Govt jobs and Maharashtra Govt jobs etc.

Previous Post Next Post