নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ জীৱন আলেখ্য (Nagendra Narayan Choudhury)
লক্ষীপুৰ মেছপাৰা ডিহিৰ জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ জন্ম হৈছিল ১৮৮১ চনত গোৱালপাৰা জিলাৰ লক্ষীপুৰত।
তেখেতৰ পিতৃৰ নাম আছিল খগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু মাতৃৰ নাম আছিল সাৰদা প্ৰিয়া।
চৌধুৰী দেৱে লক্ষীপুৰত প্ৰথমিক শিক্ষা লাভ কৰি ধুবুৰী আৰু গোৱালপাৰাত গৈ উচ্চ মাধ্যমিক শিক্ষা সাং কৰে। তাৰ পিছত তেখেতে কলিকতা জুবিলী আৰ্ট একাডেমিত অধ্যয়ন কৰাৰ সময়তে সংগীত বিদ্যা, চিত্ৰাঙ্কন বিদ্যা, লাঠি,ছুৰি খেল, সমৰ কলা, ব্যায়াম চৰ্চাত পাৰ্গত হৈ পৰিছিল।
নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে ১৮ বছৰ বয়সতে প্ৰথম বিয়া কৰিছিল যদিও প্ৰথম পত্নীৰ বিয়োগ হোৱাত গুৱাহাটীৰ আহোম ৰাজবংশৰ জীয়ৰী প্ৰফুল্ল বালা দেৱীক দ্বিতীয় বিয়া কৰিছিল।
নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে কলিকতাত বসবাস কৰাৰ সময়তে অসমীয়া সাহিত্যৰ উৎকৰ্ষ সাধন কৰিবলৈ ১৯২৯ চনত তেখেতৰ পৃষ্ঠপোষকতাত আৰু দীননাথ শৰ্মাৰ সম্পাদনাত " আৱাহন" নামৰ আলোচনীখন উলিয়ায় জোনাকী আলোচনীখনৰ পিছতেই " আৱাহন" আলোচনী খন আধুনিক অসমীয়া সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছিল। আকৰ্ষণীয় বহিৰাৱৰণ, সুন্দৰ ছপা, আৰু ৰঙচঙীয়া চিত্ৰেৰে এই কাকতখন দেখাত যেনেকৈ আকৰ্ষণীয় আছিল তেনেকৈ গল্প,ভ্ৰমণ বৃত্তান্ত, প্ৰবন্ধ, কবিতা আৰু ধাৰাবাহিক ভাবে প্ৰকাশ হোৱা উপন্যাসেৰে এই কাকতখন সুখপাঠ্য হৈছিল। অসমীয়া চুটিগল্প কলাৰ বিকাশত এই কাকতৰ বৰঙণি লেখত লবলগীয়া।
যিকি নহওক, এই আৱাহন আলোচনী খনতে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী দেৱে সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল।
তেখেতে সাহিত্যৰ অন্যান্য শাখাত চৰ্চা চলাই গৈছিল যদিও তেখেতে চুটিগল্প ৰচনাৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে।
তেখেতৰ চুটিগল্পসমূহ প্ৰায়েই আখ্যান প্ৰধান, উপন্যাসৰ পকেট সংস্কৰণ। তেখেতৰ বছা বছা গল্পসমূহ লৈ পিছত গল্প সংকলন ৰূপে প্ৰকাশ হৈছে।
নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সৰহভাগ গল্পত প্ৰেমৰ প্ৰাধান্য, আকস্মিক সংযোগৰ বিশেষ ভূমিকা আৰু সামাজিক বিধিনিষেধৰ অনাকাঙ্খিত প্ৰভাৱ আৰু ঘটনাৰ প্ৰভুত্ব লক্ষ্য কৰা যায়।
নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সাহিত্যকৃতি -------
১/ দাঙ্গায় আত্মকথা
২/নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্প সংকলন
৩/ বীণাৰ ঝংকাৰ ( গল্প সংকলন)
গল্প সমূহ
১/উচৰ্গা
২/ দুতিৰামৰ সংসাৰ
৩/ পোহাৰী
৪/ মধুমালতী
৫/নয়ন তৰা
৬/অসম্পূৰ্ণ আইন
৭/ বগীতৰা
৮/বিজয়া
ইত্যাদি
প্ৰবন্ধ
১/লুপ্ত অতিকায় প্ৰাণী
২/বড়ো জাতিৰ কথা
৩/ স্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তা
৪/আহোম ভাষাৰ পুথি
৫/প্ৰাগৈতিহাসিক যুগৰ চিত্ৰশিল্প
৬/মোৰ জীৱন স্মৃতি
৭/মনিপুৰী পৌৰাণিক নৃত্য
ইত্যাদি।
নগেন্দ্ৰ নাৰায়ণ চৌধুৰী দেৱে ১৯৩১ চনত শিৱসাগৰত উদ্ যাপন হোৱা" অসম সাহিত্য সভা"ৰ ত্ৰয়োদশ সন্মিলনত পৌৰহিত্য কৰিছিল উক্ত অনুষ্ঠানটিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱক " ৰসৰাজ" উপাধি প্ৰদান কৰা হৈছিল।
১৯৪৭ চনৰ ১৩ নৱেম্বৰত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে লক্ষীপুৰৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।
অসমীয়া সাহিত্য,কলা, কৃষ্টি, সংস্কৃতি,সংগীত, সমাজনীতি আদি প্ৰসাৰত নিজৰ জমিদাৰী জীৱনৰ সকলো সুখ -স্বাচ্ছন্দ ত্যাগ কৰি অসমীয়া ভাষা, সাহিত্য,কলা, কৃষ্টি সংস্কৃতি সংগীত আদি প্ৰসাৰ, প্ৰচাৰ আৰু উৎকৰ্ষ সাধনত নিজৰ জীৱন উৎসৰ্গা কৰিছিল , আজি চৰকাৰী, বেচৰকাৰী,অসম সাহিত্য সভা বা অসমৰ সাহিত্য গোটসমূহে তেখেতক স্মৰণ নকৰাটো সচাঁকৈয়ে পৰিতাপৰ বিষয়ে। একমাত্ৰ লক্ষীপুৰ চহৰত নগেন্দ্ৰ নাৰায়ণ চৌধুৰী পথ নামৰ এটি ফলকৰ বাহিৰে তেখেতৰ কতো চিন মোকাম নাই।
Conclusion:-
অসমীয়া সাহিত্যিক- সমাজে আধুনিক অসমীয়া সাহিত্যৰ বাটকটীয়া লক্ষীপুৰৰ জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী দেৱৰ বিষয়ে বিতংকৈ আলোচনাৰ পথ সুগম কৰিব বুলি আশা ৰাখিলোঁ।