Assam essay in english 200 words I About assam essay in english

Assamese General Knowledge Assam Career

অসম ভাৰতবৰ্ষৰ উত্তৰ-পূৱ অৱস্থিত। সাংস্কৃতিক আৰু ভৌগোলিক ভাবে এখন পৃথক ৰাজ্যৰ। অসম ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ তুলনাত সকলো প্ৰাকৃতিক সম্পদৰে এখন চহকী ৰাজ্য কিন্তু তথাপিও অসমৰ উন্নতি ভাৰতৰ আন ৰাজ্যৰ তুলনাত বহু কম। 

অসমৰ ৰাজধানী দিছপুৰৰ, উত্তৰ-পূৰ্বাঞ্চলক ৮ ভনী বুলি কোৱা হয়। ৰাজ্য সমূহৰ ভিতৰত অসমৰ গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ দূৱাৰ বুলি কোৱা হয়। মুঠ মাটিকালিৰ পৰিমান ৭৮৪৩৮ বৰ্গ কিলোমিটাৰে অসমৰ স্থান ভাৰতৰ ভিতৰত ১৭ তম স্থানত অৱস্থিত।। অসমৰ মুঠ জিলাৰ সংখ্যা হ'ল ৩৫ খন। অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩,১১,৬৯,২৭২ জন । ভাৰতবৰ্ষৰ ভিতৰত জনসংখ্যাৰ ফালৰপৰা ১৫ তম স্থানত অৱস্থিত। অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৩৯৬ জন। অসমৰ সাক্ষৰতাৰ হাৰ ৭৩.১৮% ৰে ভাৰতৰ ভিতৰত ২৬ তম স্থানত অৱস্থিত। 
 অসমৰ বিধানসভাত ১২৬ খন আসন আছে ৰাজ্য সভাৰ ১৪ খন আসন আৰু লোক সভাৰ ৭ খন আসন আছে।
 বৰ্তমান অসমৰ বিধানসভাত অধ্যক্ষ হ'ল বিশ্বজিৎ দৈমাৰী।১৯৫২ চনত গঠন হোৱা বিধানসভা অসমৰ প্ৰথম বিধানসভা বুলি কোৱা হয় কাৰণ এই সভা ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত গঠিত হৈছে । অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস। 
 ৰাজ্যসভা হৈছে ভাৰতৰ সংসদৰ উচ্চ সদন । আমাৰ দেশ ভাৰতৰ উপ ৰাষ্ট্ৰপতি হৈছে ৰাজ্যৰ সভাৰ সভাপতি আৰু সদস্য সকলক পৰা এজনক উপ সভাপতি নিৰ্বাচিত কৰা হয়। বৰ্তমান ৰাজ্যৰ সভাৰ সভাপতি হ'ল এম ভেঙ্কায়াহ নাইডু। ৰাজ্য সভাৰ ২৩৮ জন নিৰ্বাচিত সদস্য আৰু ১২ জন মনোনীত সদস্যৰে মুঠ ২৫০ জন সদস্য আছে । মনোনীত সদস্য সকলক ৰাষ্ট্ৰপতি পৰামৰ্শ অনুসৰি প্ৰধানমন্ত্ৰী য়ে মনোনীত কৰে।
 ৰাজ্য সভাৰ সদস্য হ'বলৈ দেশৰ নাগৰিকৰ নুন্যতম ৩০ বছৰ বয়স হ'ব লাগিব। ৰাজ্য সভাৰ সদস্য কাৰ্যালয় ৬ বছৰ থাকে।

লোকসভা বা নিম্ন সদনৰ সদস্য সকলক ভাৰতৰ ভোটাৰ সকলে পোনপতীয়াকৈ নিৰ্বাচিত কৰে । সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২ জন সদস্য থাকিব পাৰে। ইয়াৰে ৫৩০ জনক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে ২০ক কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভোটাৰে নিৰ্বাচিত কৰে বাকী দুজনক ৰাষ্ট্ৰপতি মনোনীত কৰে। তেওঁলোক এংলো ইণ্ডিয়ান মূলৰ হয়। বৰ্তমান লোকসভাৰ অধ্যক্ষ হ'ল ঔম বিৰলা। লোকসভা নুন্যতম ২৫ বছৰ বয়স হ'ব লাগিব। 
 ভাৰতবৰ্ষৰ লোকসভাৰ অধিবেশন বছৰটোত তিনি বাৰ হয় প্ৰথম অধিবেশন ফেব্ৰুৱাৰীৰ পৰা মে লৈকে তাক বাজেট অধিবেশন বুলি কোৱা হয় , দ্বিতীয় অধিবেশন জুলাইৰ পৰা চেপ্তেম্বৰ মাহলৈকে তাক

শীতকালীন অধিবেশন বুলি কোৱা হয় আৰু তৃতীয় অধিবেশন হয় নবেম্বৰৰ পৰা ডিচেম্বৰ তাক বৰ্ষাকালীন অধিবেশন বুলি কোৱা হয়। 
ভাৰতবৰ্ষৰ আটাইতকৈ বেছি লোকসকলৰ সদস্য থকা ৰাজ্য খন হ'ল উত্তৰ প্ৰদেশৰ।"
Previous Post Next Post