gamosa upsc I assam gamosa gi tag

 গামোচা 


অসমীয়া সমাজৰ অতিকৈ চেনেহৰ,অতিকৈ মৰমৰ সমাজত বহুলভাৱে ব্যৱহৃত বস্ত্ৰবিধেই হল গামোচা । গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আপোন বস্ত্ৰ ৷ সাধাৰণতে গামোচা বুলি কলেই আমাৰ মনলৈ আহে চাৰিওফালে ৰঙা আৰু বগা ৰঙেৰে বোৱা  দীঘলীয়া কাপোৰ ৷সাধাৰণতে ৰঙা ৰংটো কাপোৰখনৰ চাৰিওকাষে থাকে আৰু বগা খিনি মাজত ।সাধাৰণতে গামোচা খন কপাহী বা পাত সূতাৰে প্ৰস্তুত কৰা হয়  ৷ যদিও গামোচা বুলি কলে গা ধুই মূচা কাপোৰ খনৰ কথাই মনলৈ আহে তথাপিও গামোচাৰ পৰিসৰ ইয়াতেই সীমাবদ্ধ হৈ থকা নাই। অসমীয়া  সমাজত  প্ৰায় দৈনন্দিন বিভিন্ন ক্ষেত্ৰতেই গামোচাৰ ব্যৱহাৰ হোৱা দেখা যায় ৷ অন্য কথাত কবলৈ গলে অসমীয়া  সমাজ-সংস্কৃতি, আচাৰ-নীতি সকলো দিশতেই গামোচাৰ ব্যৱহাৰ বহুল ৷ দৈনন্দিন জীৱনৰ পৰা আৰম্ভ কৰি বিশেষ উৎসৱ পৰ্বন সমূহটো গামোচাৰ ব্যৱহাৰ কৰা হয়। উদাহৰস্বৰূপে অমৰ গাঁৱলীয়া সমাজত খেতি পথাৰলৈ গামোচা খন মূৰত পাগুৰী হিচাপে মাৰি যায় বা ভাত খাই উঠি মুখখন মোহাৰিবলৈ বা ওচৰৰ কোনোবা ঘৰত ফুৰিবলৈ গলে কান্ধত গামোচা খন কৈ যোৱা হয়।ঠিক তেনেদৰেই বিশেষ দিন বা উৎসৱ সমূহত উদাহৰণ স্বৰূপে বিহুত বিহুৱা ডেকাৰ মূৰত গামোচাখন থাকিবই,কঁকালতো গামোচা এখনেৰেই টঙালি বান্ধি লয় বা ঘৰত সকাম- নিকাম বা বিশেষ কৰ্মত গামোচাখন নহলেই নহয় । নামঘৰলৈ গলেই গামোচা খন লৈ যোৱা হয় আনকি গোষাইৰ আখন খনতো গামোচা পাৰি থোৱা থাকে ।


গামোচাৰ নাম আৰু উৎপত্তি সম্পৰ্কে কোনো ঐতিহাসিক সমল দেখা পোৱা নাযায় ৷ তথাপিও সাহিত্যিকভাৱে ইয়াৰ অৰ্থ ভাঙিলে দেখা যায় যে কোনো কাপোৰ বা বস্ত্ৰৰে  শৰীৰ বা গা মচা কাৰ্য ৷ গা মানে হল শৰীৰ + মচা = গামোচা অৰ্থাৎ গা মচা বা মূহাৰা ডোখৰীয়া কাপোৰ ৷ হয়টো সেইবাবেই অসমীয়া সংস্কৃতিত গা-মচা কাপোৰখনিক গামোচা হিচাপে নামকৰণ কৰা হৈছে ৷


গামোচা সাধাৰণতে তিনিপ্ৰকাৰৰ : 

১। পানী গামোচা, 

২। তামোল গামোচা আৰু 

৩। বিহুৱান । 


সাধাৰণতে ফুল নথকা গামোচাখনক পানী গামোচা, সৰু ফুলৰ গামোচাখনক তামোল গামোচা আৰু চেনাইলৈ বা কাৰোবাৰ প্ৰিয়জনলৈ বুলি বোৱা ডাঙৰ ফুলৰ গামোচাখনক বিহুৱান বুলি কোৱা হয় ।


নামনি অসমত দেখা পোৱা গামোচাৰ আন এটা প্ৰকাৰ হ'ল আনাকাটা গামোচা । অৰ্থাৎ যিখন গামোচা কাটি উলিওৱা নহয়।সাধাৰণতে গামোচা বোৰ তাঁতশাল ৰ পৰা কাতিবলৈ কেচি ,ব্লেড বা কটাৰী ব্যৱহাৰ কৰা হয়। কিন্তু এই আনাকাটা গামোচা খন তাঁতশালৰ পৰা পৃথক কৰিবলৈ সূতা বোৰ হাতেৰে চিঙা হয় বা শিলেৰে থেতালি পৃথক কৰা হয়। বিবাহ কাৰ্য্যত এই গামোচা খন ব্যৱহৃত হয়।

Previous Post Next Post