দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান I The impact of science on daily life essay
দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান
বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানৰ বিভিন্ন অৱদানেৰে আজিৰ মানৱ সমাজ সভ্যতাৰ চূডান্ত স্তৰত উপনীত হৈছে। বিজ্ঞানৰ বলত বলীয়ান হৈ মানুহ যেন পৰিছে নিজেই ভগৱান। সেই ভগৱান আজি নিজৰ জন্ম, মৃত্যু আৰু পালনৰ নিজেই গৰাকী। আজি মানুহেই মানুহৰ ভাগ্য বিধাতা।
বিভিন্ন ক্ষেত্ৰত বিজ্ঞানৰ অৱদান
বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানৰ চৰম উন্নতিৰ সুফলেখ আজিৰ মানুহে এক সুখী আৰু সৰ্বাংগসুন্দৰ জীৱন লাভ কৰিছে। মানুহ আজি স্বপ্নদ্ৰষ্টা নহয়, বাস্তৱৰ ওপৰত বিশ্বাসী মানুহ আজি নিজেই সৃষ্টিকৰ্তা।
দৈনন্দিন জীৱনৰ বিজ্ঞান(The impact of science on daily life)
পুৱা শুই উঠাৰ পৰা ৰাতি বিছনাত পৰালৈকে আধুনিক মানুহ বিজ্ঞানৰ অৱদানৰ ওপৰত নিৰ্ভৰশীল। আমি ব্যৱহাৰ কৰা বিভিন্ন দ্ৰব্য, খাদ্য-সামগ্ৰী, ৰন্ধন গেছ, মনোৰঞ্জনৰ আহিলাসমূহ, ফেন, ৰিফ্ৰেজাৰেটৰ, ৱাশ্বিং মেচিন, ভেকুৱাম ক্লিনাৰ, মাইক্ৰ’ৱেভ আদি বিভিন্ন সামগ্ৰীৰ আঁৰৰত কেৱল বিজ্ঞানৰে স্পৰ্শ। বিদ্যুৎ শক্তিৰ দ্বাৰা চালিত ভিন ভিন যন্ত্ৰ ব্যৱহাৰ কৰি আমি আমাৰ কষ্ট কমাও, সময় বচাওঁ, জীৱন সুখী কৰো।
যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত বিজ্ঞান
আজিৰ পৃথিৱী এখন ক্ষুদ্ৰ গাঁৱলৈ পৰিণত হৈছে। যাতায়াত পৰিবহণৰ বাবে ব্যৱহাৰ কৰা ৰে’ল, গাড়ী, বিমান, যন্ত্ৰচালিত নাও আমি বিজ্ঞানৰ বাবেই পাইছো। বিজ্ঞান যেন আজিৰ পৃথিৱীৰ হাত ধৰি লিগিৰী, যাৰ হাতত ধৰি মনতকৈও দ্ৰুত বেগেৰে আমি স্থাপন কৰিছো যোগাযোগ। ৰাতিপুৱা শুই উঠিয়েই হাতত বাতৰিকাকতখন লৈ বিভিন্ন ঠাইৰ বাতৰিত আমি চকু ফুৰাওঁ, টিভিৰ ছুইছ অন কৰি বিভিন্ন ঠাইত সংঘটিত বিভিন্ন ঘটনা প্ৰত্যক্ষ কৰো। টেলিফোনৰ সংযোগেৰে দূৰ-দূৰণিৰ বন্ধুৰ লগত কথা পাতো। হাতত ম’বাইল ফোন লৈ পৃথিৱীৰ যিকোনো ঠাইত থকা যিকোনো ব্যক্তিৰ লগত ক্ষণিকতে সংযোগ স্থাপন কৰো, ইণ্টাৰনেটৰ দ্বাৰা বিভিন্ন তথ্য ঘৰতে বহি সংগ্ৰহ কৰো, আনকি প্ৰিয়জনৰ লগত দূৰত থাকিও মুখামুখিকৈ ভাব-বিনিময় কৰো। উপগ্ৰহৰ জৰিয়তে গ্ৰহ, মহাকাশৰ বাতৰিও সংগ্ৰহ কৰো। আজিৰ মানুহে চন্দ্ৰত উপনিৱেশ পতাৰ পৰিকল্পনা কৰিছে, সৌৰজগতৰ আন আন গ্ৰহৰ লগত যোগাযোগ স্থাপনৰ বাবে আগবাঢ়ি গৈছে। সেয়া সম্ভৱ হৈছে কেৱল বিজ্ঞানৰ বলত।
চিকিৎসা বিজ্ঞান
বিজ্ঞানৰ চমকপ্ৰদ আৱিষ্কাৰে আজি চিকিৎসাবিজ্ঞানৰ দিশত বিশেষ প্ৰভাৱ পেলাইছে। চেষ্টটিউবত শিশু জন্ম দিয়া, পেচমেকাৰ বহুৱাই হৃদযন্ত্ৰক সবল কৰা ইত্যাদি এতিয়া চিকিৎসা বিজ্ঞানৰ পুৰণি খবৰ হৈ পৰিছে। জীৱবিজ্ঞান যিমানেই আগুৱাইছে সিমানেই চিকিৎসা ন ন উপায় আৱিষ্কৃত হৈছে। সাম্প্ৰতিক কালত ক্ল’ন শিশুৰ জন্মকে আদি কৰি বিভিন্ন দিশত চিকিৎসা বিজ্ঞানে মানৱ সমাজত বিস্ময়জনক অৱদান আগবঢ়াইছে।
অৰ্থনৈতিক ক্ষেত্ৰত বিজ্ঞান
আজিৰ অৰ্থনীতি বিজ্ঞান তথা প্ৰযুক্তিবদ্যাৰ ওপৰতে নিৰ্ভৰশীল। শিল্প বিপ্লৱে উদ্যোগ আদি স্থাপন কৰি মানুহক প্ৰকৃতিৰ বিভিন্ন সম্পদ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ লগতে এক অৰ্থনৈতিক বিপ্লৱো গঢ়ি তুলিলে। কৃষকে শইচ পথাৰত হালবোৱা পদ্ধতি, জলসিঞ্চন পদ্ধতি আদি সকলোতে বিজ্ঞানক প্ৰয়োগ কৰিবলৈ শিকিলে। বিভিন্ন সাৰ প্ৰয়োগেৰে অধিক ফচল লাভ কৰা হ’ল। শস্য সংৰক্ষণৰ বাবে শীতলীকৰণ গৃহ ব্যৱহাৰ কৰি কৃষক লাভৱান হ’ল। মুঠতে বিজ্ঞানে মানুহক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি উন্নতিৰ পথেৰে আগুৱাই লৈ গৈ আছে।
সামৰিক ক্ষেত্ৰত বিজ্ঞান
বিজ্ঞানে বৰ্তমান মানৱ জাতিক সামৰিক ক্ষেত্ৰতো অধিক স্বাৱলম্বী কৰি তুলিছে। বিভিন্ন শক্তিশালী অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰি একোখন দেশক শক্তিশালী হোৱাত বিজ্ঞানে সহায় কৰিছে। পাৰমাণৱিক বোমা, মিছাইল আদিৰ ব্যৱহাৰ কৰিবলৈ মানুহ সক্ষম হৈছে, কেৱল বিজ্ঞানৰ বাবে।
বিজ্ঞানৰ অপকাৰ
বিজ্ঞান যদিও আজিৰ সমাজত হাত ধৰি লিগিৰী তথাপি সেই বিজ্ঞানেই আকৌ মানুহক মৃত্যু নদীৰ উপত্যকাৰ থিয় কৰাই ৰাখিছে। কোন মুহূতচ্ছ্ৰত সেই নদীৰ ভেটা ভাঙি মানুহক মৃত্যুগহবত শুৱাই থৈ যায়, তাৰ কোনো নিশ্চয়তা নাই। বিজ্ঞানৰ বলত বলীয়ান হৈ মানুহ যিমানেই সভ্য হৈছে, সিমানেই প্ৰকৃতিৰ ধ্বংস যজ্ঞ ৰচিছে। কেঁকোৰাৰ দৰে নিজ সন্তানে খুলি খুলি খোৱাত প্ৰকৃতি মাতৃ আজি মানৱ জাতিৰ প্ৰতি হৈ পৰিছে প্ৰতিশোধ পৰায়ণা। সাম্প্ৰতিক কালত প্ৰকৃতিৰ সৃষ্টি হোৱা গ্ল’বেল ৱাৰ্মিং মানুহৰ বিজ্ঞানৰ অগ্ৰগতিৰে ভয়াৱহ ফল। মানুহে প্ৰযুক্তিৰ বহুল ব্যৱহাৰৰ জৰিয়েত পৰিৱেশ দূষিত কৰাৰ ফলত পৃথিৱীৰ উত্তাপ বৃদ্ধি হৈছে, যাৰ ফলত অতিশীতল অঞ্চলৰ বৰফবোৰ গলি সাগৰ, মহাসাগৰৰ জলপৃষ্ঠ বৃদ্ধি কৰিছে। এনেকৈ থাকিলে অতি সোনকালে সমগ্ৰ পৃথিৱীত এনে এক ভয়াৱহ বানপানী হ’ব, যিটো হয়তো বাইবেলত বৰ্ণিত বানপানীটোতকৈও ভয়াৱহ হ’ব।
বিজ্ঞানৰ বলত মানুহ হৈ পৰিছে আত্মগৰ্বী। মানৱীয় গুণৰাশিৰ ধ্ৱংস হৈ মানুহ চাৰিত্ৰিকভাৱে পশুতুল্য হৈছে। ফলত পৃথিৱীত মানুহে মানুহক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। হাইড্ৰ’জেন বোমাই নাগাছাকি-হিৰোছিমাত চলোৱা ধ্বংসৰ বিভীষিকা মাৰ নৌ যাওঁতেই এতিয়া মানুহে জৈৱ-অস্ত্ৰ প্ৰয়োগ কৰি মানুহক মাৰিবলৈ বিভিন্ন ভয়াৱহ বেমাৰৰ বীজাণু পৃথিৱীত বিয়পাই দিবলৈ ষড়যন্ত্ৰ ৰচিছে।
মাটি, পানী, বায়ু সকলো নষ্ট হৈছে বিজ্ঞানৰ বাবে। কম্পিউটাৰ আদিৰ ব্যৱহাৰ মগজু স্থবিৰ কৰিছে। মানুহে হাত-ভৰি লৰচৰ নকৰি কেৱল যন্ত্ৰনিৰ্ভৰ হৈ পৰাত মানুহৰ শাৰীৰিক-মানসিক বিকৃতি ঘটিছে। এইদৰে থাকিলে হয়তো এদিন মানুহবোৰৰ মূৰটো ডাঙৰ আৰু হাত-ভৰি চিঞা হৈ বিকৃত শৰীৰৰ হৈ পৰিব।
বিজ্ঞানৰ মানুহৰ সুন্দৰ মনৰ ফল। জ্ঞান-বিজ্ঞানৰ অবিহনে মানুহৰ জীৱন পশুতকৈও হীন হ’লেহেঁতেন। এনে এক সুন্দৰ বিজ্ঞানক ব্যৱহাৰ কৰোঁতে ইয়াৰ কু-ফলসমূহ বিনাশৰ বাবেও মানুহে চিন্তা কৰিব লাগে। তেনে কৰিলে নিশ্চয় এদিন ভগৱানৰ বৰপুত্ৰ মানৱ সন্তান অক্ষয় হৈ পৃথিৱীক শুৱনি কৰিব পাৰিব।