ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি? ৰামধেনু সূৰ্যৰ কোন দিশত সৃষ্টি হয়?

ৰামধেনুৰ বিষয়ে জানো আহা।সাধাৰণ জ্ঞানসাধাৰণ জ্ঞান ২০২৩assam gk in assamese language । indian history in assamese language । অসমীয়া সাধাৰণ জ্ঞান 2023

ৰামধেনুৰ বিষয়ে জানো আহা

অকণিহত, তোমালোকে বাৰু ৰামধেনু কি জাঁনানে ?এজাক বৰষুণৰ পাছত যদি আমি আকাশৰ ফালে চাও তেতিয়া আকাশত ৰামধেনু বা দেখিবলৈ পাওঁ। এই ৰামধেনুত আমি সাতটা ৰঙ দেখিবলৈ পাওঁ । ৰামধেনুৰ ৰঙ কেইটা হৈছে বেঙুনীয়া,ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া,সুমথিৰা, আৰু ৰঙা। ইয়াক আমি চমুকৈ বেঘনীৰসেহাসু বুলি কওঁ। পিছে এই ৰামধেনু নো কিয় দেখিবলৈ পাওঁ কেতিয়াবা ভাবি চাইছা নে? সূর্যৰ ৰশ্মি যেতিয়া বৰষুণৰ মাজেদি সৰকি আহে ।তেতিয়া সূৰ্য্যৰ বগা ৰংটো সাতটা ৰঙলৈ বিচ্ছুৰিত হয় আৰু তেতিয়াই আমি আকাশত ৰামধেনু দেখিবলৈ পাওঁ। আকাশত দেখা পোৱা এই ৰামধেনুক আকৌ ইন্দ্ৰধনু নামেৰেও জনা যায় ।পিছে আমি যে এই ৰামধেনু বা ইন্দ্ৰধনু দেখা পাওঁ,ইয়াৰ বৈজ্ঞানিক কাৰণটোনো কি বাৰু? ইয়াৰ বৈজ্ঞানিক কাৰণটো হল সূর্যৰ বিপৰীতে যেতিয়া আকাশত মেঘ থাকে তেতিয়া মেঘৰ জলীয় বাস্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি সূর্যৰ পোহৰ প্ৰতিফলিত আৰু প্ৰতিসাৰিত হয় । তাৰ ফলত সূর্যৰ পোহৰত আমি দেখা পোৱা বগা ৰঙটোৰ বিচ্ছুৰন হয় আৰু আকাশত বিভিন্ন ৰঙৰ অৰ্ধবৃত্ত কিছুমানৰ সৃষ্টি হয় । যিহেতু সূর্যৰ পোহৰ অৰ্থাৎ সূৰ্যৰ বগা ৰঙটো সাতটা ৰঙৰে গঠিত, সেইবাবে এই আটাইকেইটা ৰঙেই বিচ্ছুৰিত হৈ পৰে । বৃত্তচাপসমূহৰ একেবাৰে বাহিৰত থাকে ৰঙা ৰং কিয়নো ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ আটাইতকৈ বেছি আৰু একেবাৰে ভিতৰ ফালে থাকে আটাইতকৈ চুটি তৰংগৰ বেঙুনীয়া ৰং । মাজৰছোৱাত তৰংগৰ দৈর্ঘ্য অনুসৰি বাকী ৰং কেইটা থাকে । ইয়াকে ৰামধেনু বোলা হয় । দিনত বৰষুণৰ পাচত ৰ'দ দিলে পানীৰ সৰু সৰু কণাবিলাকত সূর্যৰ পোহৰৰ প্ৰতিফলন ভালদৰে হয় আৰু সেইবাবে আমি স্পষ্টকৈ ৰামধেনু দেখিবলৈ পাওঁ । 


Tags-

ভাৰতীয় সংবিধানৰ পিতৃ কোন
অসমীয়া ব্যঞ্জনবৰ্ণ কেইটা
তৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল
তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল
প্ৰটিনৰ অভাৱত হোৱা ৰোগ
ৰামধেনু ৰং কেইটা কি কি
অসমৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল
দাস বংশৰ প্ৰতিষ্ঠাপক কোন
ভাৰতীয় সংবিধানৰ অনুচ্ছেদ কেইটা
ৰেডিঅ কোনে আৱিষ্কাৰ কৰিছিল
সীমান্ত গান্ধী নামেৰে কাক জনা যায়
ৰামধেনু ৰং কেইটা
পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখনৰ নাম কি
সিন্ধু উপত্যকাৰ সভ্যতা প্ৰশ্ন উত্তৰ
Previous Post Next Post