শ্ৰীমন্ত শঙ্কৰদেৱৰ আৰু শ্ৰীমন্ত মাধৱদেৱৰ জীৱনৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ:-

শ্ৰীমন্ত শঙ্কৰদেৱৰ আৰু শ্ৰীমন্ত মাধৱদেৱৰ জীৱনৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ:-

A, শংকৰদেৱে প্ৰথম বৰগীতটো ক’ত ৰচনা কৰিছিল ? 
– শংকৰদেৱে প্ৰথম বৰগীতটো ৰচনা কৰিছিল বদৰিকাশ্ৰমত

B, প্ৰথমবাৰ তীৰ্থভ্ৰমনণত শংকৰদেৱে কিমান সময় কৰিছিল ? 
–প্ৰথমবাৰ তীৰ্থভ্ৰমনণত শংকৰদেৱে প্ৰায় ১২ বছৰ বয়সত কৰিছিল।

C, শংকৰদেৱে ৰামায়ণৰ কোনটো খণ্ড অনুবাদ কৰিছিল কেতিয়াবা?
– শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড ৰচনা কৰিছিল।

D, শংকৰদেৱৰ গুণমালা’ত থকা পদৰ সংখ্যা কিমান আছিল ?
 –শংকৰদেৱৰ গুণমালা’ত থকা পদৰ সংখ্যা আছিল ৩৭৭ টা।

E, শংকৰদেৱৰ অনুবাদ গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠখন গ্ৰন্থৰ নাম কি ?
-শংকৰদেৱৰ অনুবাদ গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠখন গ্ৰন্থৰ নাম হ'ল দশম স্কন্ধ।

F, শংকৰদেৱে মূল দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছিল ? 
– শংকৰদেৱে মূল দশম স্কন্ধৰ মুঠ ৪৯ টা অধ্যায় ৰচনা কৰিছিল।

G, শংকৰদেৱে অনুবাদ কৰা দশমৰ অংশটোক কি কোৱা হয় ?
 –শংকৰদেৱে অনুবাদ কৰা দশমৰ অংশটোক আদি দশম বুলি কোৱা হয়।

H, শংকৰদেৱৰ ‘ৰুক্মিণী হৰণ’ কাব্যৰ মূল কি ?
–শংকৰদেৱৰ ‘ৰুক্মিণী হৰণ’ কাব্যৰ মূল হ'ল হৰিবংশ আৰু ভাগবত।

I, মাধৱদেৱৰ জীৱনৰ শ্ৰেষ্ঠতম ৰচনা কি আছিল ?
– মাধৱদেৱৰ জীৱনৰ শ্ৰেষ্ঠতম ৰচনা আছিল নামঘোষা।

J, নামঘোষাৰ বেছিভাগ শ্লোক কৰা হয় ?
 –নামঘোষাৰ বেছিভাগ শ্লোক হয় বিভিন্ন পুৰানৰ।

K, শংকৰদেৱৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া সাহিত্যৰ কৃতিস্তম্ভ কোনখন ?
 – শংকৰদেৱৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া সাহিত্যৰ কৃতিস্তম্ভ কীৰ্তন।

L, কোন বংশত শংকৰদেৱৰ জন্ম হৈছিল ? 
–শংকৰদেৱৰ জন্ম বাৰভূঞা।

M, মাধৱদেৱৰ জন্ম হৈছিল ?
 –মাধৱদেৱৰ জন্ম নাৰায়ণপুৰত হৈছিল।

N, বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল ?
 –বৰপেটা সত্ৰৰ স্থাপন কৰিছিল মাধৱদেৱে।

O, মাধৱদেৱে অনুবাদ কৰিছিল ৰামায়ণৰ কোনটো কাণ্ড ?
–মাধৱদেৱে অনুবাদ কৰিছিল ৰামায়ণৰ আদিকাণ্ড।

P, মাধবদেৱ ৰাজসূয় কাব্য কাৰ অনুৰোধত লিখিছিল ? 
– মাধবদেৱ ৰাজসূয় কাব্য অনন্ত কন্দলিৰ অনুৰোধ লিখিছিল।

Q, কাৰ নিৰ্দেশত মাধবদেৱ আদিকাণ্ড ৰচনা কৰিছিল ? 
– মাধবদেৱ আদিকাণ্ড ৰচনা কৰিছিল শংকৰদেৱৰ অনুৰোধ ত।

R, শংকৰদেৱৰ ওচৰত শৰণ লোৱাৰ আগতে মাধবদেৱ কি পন্থাৰ লোক আছিল ? 
–শংকৰদেৱৰ ওচৰত শৰণ লোৱাৰ আগতে মাধবদেৱ বৌদ্ধ পন্থাৰ আছিল।

S, মাধবদেৱৰ বৰগীতত কেইটা ৰাগ পোৱা যায় ?
– ২৯ টা ৰাগ পোৱা যায়।

T, ‘শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যানা যেন পৰম গুৰু’ ভটিমাটিৰ ৰচক কোন আছিল ?
– শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যানা যেন পৰম গুৰু’ ভটিমাটিৰ ৰচক হ'ল মাধবদেৱ।

U, মাধবদেৱৰ পিতৃৰ নাম কি আছিল ?
 –মাধবদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি।
Previous Post Next Post