WHAT HAPPENED TODAY IN HISTORY 28 January (জানুৱাৰী) আজি দিনটোৰ বিশেষ

২৮ জানুৱাৰী আজি দিনটোৰ বিশেষ:-
 
১/ ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ পক্ষই প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলিচালনা কৰে। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্রোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়।

২/ ১৮৬৫ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল লালা লাজপৎ ৰায় তেওঁ আছিল এগৰাকী  ভাৰতীয় স্বাধীনতা সংগ্ৰামী। তেখেতৰ মৃত্যু হৈছিল ১৯২৮ চনত।
৩/ ১৯১৮ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল টালিমেৰণ আও তেওঁ আছিল এগৰাকী ভাৰতীয় ফুটবল খেলুৱৈ আৰু চিকিৎসক। তেখেতৰ মৃত্যু হৈছিল ১৯৯৮ চনত
৪/ ১৫৪৭ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ আৰু তেখেতৰ জন্ম হৈছিল ১৪৯১ চনত।
৫/ ১৯৩৯ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল নোবেল পুৰস্কাৰ জয়ী আৰু আইৰিছ লেখক ডব্লিউ বি.রেটছুৰ আৰু তেখেতৰ জন্ম হৈছিল ১৮৬৫ চনত।
Previous Post Next Post